Psalms 125

আৰোহন-যাত্ৰাৰ সঙ্গীত।

1যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,
তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
2যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,
তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;
এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
3ঈশ্বৰ-ভক্ত লোকসকলে যাতে অধৰ্ম্ম কার্যলৈ হাত নেমেলে,
সেইবাবে ধাৰ্ম্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।

4হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;

যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,
যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।
ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক!
5

Copyright information for AsmULB